কৃত্ৰিম বুদ্ধিমত্তা ARTIFICIAL INTELLIGENCE

কৃত্ৰিম বুদ্ধিমত্তা- ছুপাৰ হিউমেনৰ দিশত এখোজ।

 কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence)

AI- The Future Technology.

যোৱা ৩০ ডিচেম্বৰ,২০১৭ তাৰিখে ছ'ফিয়া ভাৰতলৈ আহি গ'ল। আই আই টি মুম্বায়ে আয়োজন কৰা "টেক-ফেষ্ট" শীৰ্ষক এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ছফিয়াৰ এই আগমন।

ছ'ফিয়া ক লৈ উৎসুকতাৰ কাৰণ এয়ে যে- তাই আচলতে কোনো সুন্দৰী বা বিজ্ঞানী নহয়।

ছ'ফিয়া কোন??

ছ'ফিয়া হ'ল- এটা ৰবট।

ছ'ফিয়া হ'ল- কোনো দেশৰ নাগৰিকত্ব পোৱা বিশ্বৰ প্ৰথম ৰবট। যোৱা অক্টোবৰ মাহত ছৌদি আৰবে নাগৰিকত্ব দিয়া ছ'ফিয়াক লৈ সমগ্ৰ বিশ্বতে উৎসুকতা।

ছ'ফিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰাৰ কাৰণ সমূহ হ'ল-

>মানুহৰ দৰেই অভিব্যক্তি তাইৰ মূখমণ্ডলত ফুটি উঠে।

>মুখৰ ৫০টা বিভিন্ন ভাব-ভংগী প্ৰকাশ কৰিব পৰাকৈ প্ৰগ্ৰেম কৰা আছে।

>কাৰোবাৰ মাত শুনিয়ে তাই ব্যক্তিজনৰ পৰিচয় জানিব পাৰে আৰু সেইমতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে।

>হংকঙৰ হেণ্ডছন ৰবটিকছে নিৰ্মাণ কৰি উলিওৱা ছ'ফিয়াই আপোনাৰ চকুত চকু থৈ কথা পাতিব পাৰে।

>মাত-কথা আৰু চকুৰ জৰিয়তে আপোনাক চিৰদিনলৈ মনত ৰাখিব পাৰে।

>ছ'ফিয়াৰ নিৰ্মাতা হ'ল- ডেভিদ হেনছন।

অৱশ্যে বিগত ৬-৭ টা দশকত কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণা আৰু ন ন আৱিষ্কাৰে ইমান অগ্ৰগতি লাভ কৰিছে যে ছ'ফিয়াতকৈও বহুগুণে বেছি বুদ্ধিমত্তা থকা যন্ত্ৰই এতিয়াও কাম কৰি আছে।

পৃথিৱীৰ উন্নত দেশসমূহত যেনে- আমেৰিকা,জাপান,দঃকোৰিয়া আদি বিভিন্ন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত আগবঢ়া দেশসমূহৰ বিভিন্ন কামত কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় লোৱা হৈছে।ছ'ফিয়া হ'ল কৃত্ৰিম বুদ্ধিমত্তাৰ শেষতীয়া উদাহৰণ মাথোঁ।

বিশ্বৰ আটাইতকৈ স্মাৰ্ট কম্পিউটাৰ সমূহৰ অন্যতম গ' জিৰ'। কিন্তু "ডীপ মাইণ্ড" নামৰ মাৰ্কিন কোম্পানী এটাই ইয়াৰ অন্য এটা সংস্কৰণ উলিয়াই তথা দুয়োটাৰ মাজত এখনি প্ৰতিযোগিতাৰ আয়োজন কৰে।য'ত পুৰণি সংস্কৰণটো নতুন সংস্কৰণ হাতত ১০০ খন খেলৰ ভিতৰত ১০০ বাৰেই পৰাজিত হয়। ইয়েই প্ৰমাণ কৰে যে, কৃত্ৰিম বুদ্ধিমত্তাৰ জগতখন অতি ক্ষিপ্ৰ গতিত বিকাশ আৰু পৰিবৰ্তন হৈ আগুৱাই গৈছে।

 

এতিয়া প্ৰশ্ন হয়- "কৃত্ৰিম বুদ্ধিমত্তা"(Artificial Intelligence বা সংক্ষেপে AI) কি?

Artificial Intelligence বুলি ক'লেই স্বাভাবিকতে হলিউডৰ টাৰ্মিনেটৰ চিৰিজৰ ছবি সমূহ চকুৰ সম্নুখত ভাহি উঠে।

ৰবটৰ উন্নত আৰু পৰৱৰ্তী বিকশিত সম্পূৰ্ণ মানৱৰ দৰে স্বঃয়ক্ৰিয় যান্ত্ৰিক বুদ্ধিমতাই হৈছে"কৃত্ৰিম বুদ্ধিমত্তা"। ই হ'ল এবিধ উন্নত তথা মানুহৰ দৰে চিন্তা কৰিব পৰা ইলেক্ট্ৰনিক ছফ্টৱেৰ।

কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে যে, মানুহৰ চেহেৰাৰ ৰবট হ'বই লাগিব তাৰ কোনো ধৰা বন্ধা নিয়ম নাই। কৃত্ৰিম বুদ্ধিমত্তা কম্পিউটাৰ,চেলফোন আদিৰ দৰে নিত্য ব্যৱহাৰ্য ইলেক্ট্ৰনিক সামগ্ৰীতো অতি সহজতে সঃস্থাপন কৰিব পাৰি।মানুহে  ইয়াক কি ধৰণে ব্যৱহাৰ কৰে তাৰ ওপৰতে ইয়াৰ কাৰ্যকুশলতা নিৰ্ভৰ কৰে। এনে এ আই(AI)ৰ জৰিয়তে বিজ্ঞানীসকলে বহুতো জটিল সূত্ৰৰ সমাধান কৰিছে।এনেধৰনৰ জটিল যন্ত্ৰই এবাৰ প্ৰগ্ৰেম কৰাৰ কৰাৰ পিছত যন্ত্ৰৰ এলগ'ৰিথমে কিছুমান অভাৱনীয় কাম কৰি দেখুৱাইছে। কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে ইলেক্ট্ৰনিক সামগ্ৰীসমূহ বা ৰবটে মানুহৰ কোনো নিৰ্দেশনা নোলোৱাকৈ নিজাকৈ সিদ্ধান্ত গ্ৰহণ কৰি একচন ল'ব পাৰে। আনকি নিজৰ লক্ষ্যও ই বাছি ল'ব পাৰে। সেয়ে কৃত্ৰিম বুদ্ধিমত্তা (AI) ক ভৱিষ্যতে ছুপাৰ হিউমেনৰ স্থান লৱ বুলি ভবা হৈছে।

কৃত্ৰিম বুদ্ধিমত্তাৰ যাত্ৰা অতি দীঘলীয়া। আধুনিক যুগৰ কৃত্ৰিম বুদ্ধিমত্তাৰ কাম আৰম্ভ কৰা হৈছিল ১৯৫০ চনতেই। কিন্তু, ১৯৮০ চনমানৰ লৈকে বিজ্ঞানী সকলে বিশেষ আগবাঢ়িব পৰা নাছিল। কিন্তু পৰৱৰ্তী দুটা দশকত কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণাত বিনিয়োগ ক্ৰমান্বয়ে বৃদ্ধি পায় আৰু চমকপ্ৰদ অগ্ৰগতি লাভ কৰে।

বৰ্তমান কম্পিউটাৰ যুগত এ আই(AI) অবিহনে কোনো চিন্তা কৰাটোৱেই এতিয়া অসম্ভৱ। বৰ্তমান সময়ত AI ই যিকোনো সূত্ৰ মানুহতকৈ সহজে সমাধান কৰে বুলি বিশ্বাস কৰা হয়। ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰাপত্তাৰ কামত বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানে কৃত্ৰিম বুদ্ধিমত্তাৰ ৰবট ব্যৱহাৰ কৰিছে। সেইদৰে এছিয়া মহাদেশৰ প্ৰযুক্তিবিদ্যাৰ  উন্নত দেশ জাপানতো বেংক আদিত কৃত্ৰিম বুদ্ধিমত্তাৰ ৰবটৰ ব্যৱহাৰ ইতিমধ্যেই কৰিছে।নিৰস্ত্ৰ এই ৰবটসমূহে সন্দেহজনক কিবা দেখা বা ঘটাৰ মুহূৰ্ততে বিপদৰ জাননী দিব পাৰে ফলত ৰবটসমূহৰ চকুত বুলি দি কোনো দুস্কৃতিকাৰীয়ে অঘটন ঘটাব নোৱাৰে। গতিকে AI ক ছুপাৰ হিউমেন বা অতি মানৱৰ দিশত আগুৱাইছে ক'লে অত্যক্তি নহ'ব।

কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence) ৰ বিকাশৰ ক্ষেত্ৰত আগভাগ লোৱা বৰ্তমান বিশ্বৰ অগ্ৰণী প্ৰতিষ্ঠান আৰু ব্যক্তিসকল হ'ল-

১.টেছলা (TESLA)-বৈদ্যুতিক বাহন নিৰ্মাণৰ অগ্ৰণী প্ৰতিষ্ঠান,

২.স্পেক এক্স (Space X)- মহাকাশ ত যাত্ৰী ভ্ৰমণৰ বাবে ব্যৱহাৰ হ'বলগীয়া দ্ৰুত বেগী আৰু উন্নত ৰকেট নিৰ্মাণ তথা মহাকাশ গৱেষণাৰ প্ৰতিষ্ঠান,

৩. গুগল( Google) ৰ কৃত্ৰিম বুদ্ধিমত্তা ডীপ মাইণ্ড ( Deep Mind) ৰ অগ্ৰণী ব্যক্তি মুস্তাফা চুলেইমান আদি।

 

ভয়ংকৰ ভৱিষ্যতক লৈ সকিয়নী বিজ্ঞানী ষ্টিফেন হকিঙৰ-

"কৃত্ৰিম বুদ্ধিমত্তাৰ যন্ত্ৰই বিপদ মাতিব"

কৃত্ৰিম বুদ্ধিমত্তাৰ যন্ত্ৰ বা এ আই মানৱ জাতিৰ বাবে এই পৰ্য্যন্ত আটাইতকৈ দুৰ্ভাগ্যজনক হ'ব পাৰে।এই সকিয়নী প্ৰেৰণ কৰিছিল ষ্টিফেন হকিঙে। অৱশ্যে তেওঁ লগতে কয় যে এ আই হ'ব পাৰে মানৱ ইতিহাসৰ সবাটোতকৈ উল্লেখযোগ্য ঘটনাও। কিন্তু বিপদৰ পৰা আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি তেওঁ এটা সাক্ষাৎকাৰত মন্তব্য কৰিছিল।

হকিঙৰ মতে , যিমান দিনলৈকে এ আই মানুহৰ নিয়ন্ত্ৰণত থাকিব , সেই পৰ্যন্ত ইয়াৰ পৰা উপকাৰেই বেছি হ'ব। কিন্তু বৰ্তমান সময়ত যি ধৰণৰ গৱেষণা চলি আছে আৰু বিশ্বৰ ৰাজনৈতিক -সামাজিক পৰিস্থিতিয়ে যিবোৰ ভয়ংকৰ আগজাননী দিছে, তাৰ পৰা এই কথা খাটাংকৈ‌ কব নোৱাৰে যে এ আই এদিন মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰত নাযাব। আমি এই মুহূৰ্তত নিশ্চিতভাৱে নাজানো যে এ আইৰ পৰা অনিৰ্দিষ্ট কাললৈ আমি সহায় পাই থাকিম। হয়তো কেতিয়াবা ই আমাক উপেক্ষাও কৰিব পাৰে। আনকি ধ্বংস কৰাৰ চেষ্টাও কৰিব পাৰে। তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ সকলো ৰাষ্ট্ৰকে সংযমী হ'বলৈ আহ্বান জনায়।

সৰ্বশেষত ছুপাৰ হিউমেনৰ দিশত ধাৱমান কৃত্ৰিম বুদ্ধিমত্তা  বা AI (Artificial Intelligence) ক এটি অতি উপযোগী ইংৰাজী বাক্যৰে বৰ্ণনা কৰিব পাৰি--

" Digital Data is the new Oil and Artificial Intelligence- AI is the New Electricity."